Xewali (Slowed Reverb)

শেৱালী তুমি মোৰ শাৰদী প্ৰেমৰ
শেৱালী তুমি মোৰ প্ৰতি শৰতৰ
শেৱালী তুমি মোৰ হিয়াৰে কোণৰ
শেৱালী তুমি মোৰ ৰাগিনী গীতৰ
শুকুলা মেঘৰ দৰদি
সৰগী সুৰিয়া প্ৰান
আচুতীয়া মৰমৰ সুৰ
তুমিয়েই মোৰ গান
তুমি শেৱালী মোৰ প্ৰতি শৰতৰ
শেৱালী তুমি মোৰ শাৰদী প্ৰেমৰ

শেৱালী তুমি আহিবা ঐ
শাৰদী কুৱ্লী হৈ
শেৱালী তুমি যাবাগৈ
কুঁৱ্লী সিক্ত হৈ
শেৱালী তুমি আহিবা ঐ
শাৰদী কুৱ্লী হৈ
শেৱালী তুমি যাবাগৈ
কুঁৱ্লী সিক্ত হৈ
অ' মোৰ সেমেকা মনক লৈ
জোনাকী বাটলৈ
অ' মোৰ কাষতে বহি ৰৈ
থাকিবা শেষলৈ

শেৱালী তুমি মোৰ প্ৰতি শৰতৰ
শেৱালী তুমি মোৰ হিয়াৰে কোণৰ
শেৱালী তুমি মোৰ শাৰদী প্ৰেমৰ
শেৱালী তুমি মোৰ ৰাগিনী গীতৰ

মোৰ মিনতি তুমি
থাপনাৰ জেউতি ৰানী
নিয়ৰ গৰাকী তুমি
হোৱা লাজুকি জনী
মোৰ মিনতি তুমি
থাপনাৰ জেউতি ৰানী
নিয়ৰ গৰাকী তুমি
হোৱা লাজুকি জনী
পোৱা সৰি হোৱা তুমি
কোমল দলিচা খনি
নাযাবা তুমি আঁতৰি
শেৱালী তুমি মোৰ প্ৰতি শৰতৰ
শেৱালী তুমি মোৰ হিয়াৰে কোণৰ
শেৱালী তুমি মোৰ শাৰদী প্ৰেমৰ
শেৱালী তুমি মোৰ ৰাগিনী গীতৰ



Credits
Writer(s): Emon Boruah
Lyrics powered by www.musixmatch.com

Link