Kaar Gharar - Original

কাৰ ঘৰৰ লখিমী ঘৰলৈ উভতিছে
কাৰ ঘৰ সজাই-পৰাই কোনে বাট চাইছে!
কাৰ ঘৰত মেটমৰা ক'লা ধন বিজাৰিছে
কাৰো ঘৰত অভাৱে জীৱন জোকাৰিছে।
কাৰো ঘৰত নোপোৱাৰ চকুলো সৰিছে।

কোনোবাই কাৰেং সাজি বিদ্যা আলয় পাতিছে;
অভিজাতৰ দুলালসৱে ৰঙৰ খেলা খেলিছে।
কাৰোবাৰ পঢ়াশালিৰ জঁকা ভাগি পৰিছে
দুখীয়াৰ ছৱালে তাতে বিয়োগ অংক শিকিছে;
কাৰোবাৰ সোণৰ সজাত ঈশ্বৰ বন্দী হৈছে
দুখীয়াৰ থাপনাতে শলিতা কঁপিছে ।

আমি যেন একোটি বনহংস
উৰি উৰি বিছাৰিছোঁ নিজ সত্তা
খাদ্য শান্তি আৰু নিৰাপত্তা;
উৰিছোঁ উত্তৰ দক্ষিণ কোণে
উৰিছোঁ পূৱ আৰু পশ্চিম কোণে
উৰি উৰি আহোঁ ছাইবেৰিয়ালৈ
উৰি উৰি আহোঁ আমি তিব্বতলৈ
উৰি ঘূৰি আহোঁ প্ৰাগজ্যোতিষলৈ ।

আমি যেন একোটি বনহংস
আমিতো বিছৰা নাই কাৰো ধ্বংস।
বিছাৰিছোঁ কিছু শান্তিৰ অংশ
বনহংস! বনহংস!! বনহংস!!!



Credits
Writer(s): Bhupen Hazarika
Lyrics powered by www.musixmatch.com

Link