Gopale Ki Goti

গোপালে কি গতি কৈলে

গোপালে কি গতি কৈলে
গোবিন্দে কি মতি দিলে।
নাথ, বিফলে জনম সৱ গেলৰে ।।

এভৱ গহন বন আতি মোহপাশে ছন্ন
তাতে হামু হৰিণ বেৰাই ।

ফন্দিলো মায়াৰ পাশে কাল ব্যাধে ধায়া আসে
কাম ক্ৰোধ কুত্তা খেদি খাই ।।

হৰাইলো চেতন হৰি নাজানো কিমতে তৰি
শুনিতে দগধ ভেল জীৱ ।।

লোভ-মোহ দুহোঁ বাঘ সততে নাছাৰে লাগ
ৰাখু ৰাখু সদাশিৱ ।।

পলাইতে নেদেখো সন্ধি দিনে দিনে দৃঢ় বন্দী
ভৈল মন্দ মনৰ যুগুতি ।

তুৱা হৰি লাগো গোড় মোৰ মায়া পাশ ছোড়
শঙ্কৰ কৰয় কাকূতি ।।
জন্মে জন্মে হওঁক মোৰ তোৱা পদে মতি ।৷



Credits
Writer(s): Shankardeva
Lyrics powered by www.musixmatch.com

Link