Rim Jhim Rim Jhimm

মোৰ আইৰ চকুপানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে?
ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে
নেপুৰ বজায় ক'ত?
গিৰ্ গিৰ্ ডাৱৰেনো
মাদল বজায় ক'ত? এই মোৰ অসম দেশত অসম দেশত।
মাইহাং বাটিত সোৱাদ পানী
যাচে কোনে ক'ত?
কাৰ পদুলিত কেতেকীনো
মলেমলায় ক'ত?
এই অসম দেশত অসম দেশত।
এধানি এধানি নৈ সাগৰ হয় ক'ত?
সেই সাগৰকো বয় নকৰেনো কোনে ক'ত?
এই অসম দেশত অসম দেশত।
আইৰে চকুৰে মুকুতানো সৰে ক'ত?
সেই মুকুতাৰে মণি পিন্ধি সাহ পাওঁ ক'ত?
মোৰ দেউতাৰে কপালৰে ঘাম সৰে ক'ত?
সেই ঘাম দেখি মোৰো যেন লাগে বাৰু ক'ত?
অ' মোৰ অসম দেশত।
মোৰ কলিজাৰে সুৰবোৰ বুজে কোনে ক'ত?
ন-পুৰুষে দেশৰ হকে
তেজ দিয়ে ক'ত?
আনে কৰা উপলুঙা
উফৰাইনো ক'ত?
এই----- অসম দেশত।।



Credits
Writer(s): Nachiketa Chakraborty
Lyrics powered by www.musixmatch.com

Link