Bondhutwa

বন্ধুত্বৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাও,
পিছলৈ ঘুৰি চালে কেৱল ককৰ্থনাহে পাঁও
সময়ৰ সোতত আহিলো বহু আগুৱাই,
ইচ্ছা আৰু আশাবোৰৰ থলামুৰি খাই,
বন্ধুত্বৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাও,
পিছলৈ ঘুৰি চালে কেৱল ককৰ্থনাহে পাঁও
সময়ৰ সোতত আহিলো বহু আগুৱাই,
আজীৱন বন্ধুত্বৰ আধাতে ডুবিল নাঁও

বন্ধু আছিল কম বেছি আছিল ভাই,
নলে গলে লগা বন্ধু একেখন পাততে খাই।
সময়ে আজি নিলে আতৰাই,
মইয়ো আহিলো আগুৱাই,
সময়তো যে অজুহাতহে মনটোহে নাই ।

আহিছে মানুহ গৈছে মানুহ মানুহ ময়াপী জীৱ,
সকলো নেঁওচি আগুৱাই গৈছো আৰুনো কোনে নিব,
নাই কাৰো প্ৰতি বেয়া ভাৱ,
কেঁচা আছে এতিয়াও কিছু ঘাঁৱ (ঘাঁ),
সময়ে দিছে আঘাত সময়েই শুকুৱাই দিব ।

একালৰ ভাই আজি,অচিনাকী হ'ল...
মনৰ কোঠালীৰ একোণত স্মৃতি হৈ ৰ'ল...
মনত পৰে দিনবোৰ আজিও, স্তব্ধ হৈ পৰে মোৰ সময়...
ঘুৰি যোৱাৰ পথ বন্ধ আজি
স্থবিৰ হৈ পৰো মই...
নতুন বন্ধু নতুন সুহৃদ নতুন আজি ফ্ৰেণ্ড চাৰ্কল...
হয়তো ইহঁতো আতৰি যাব এদিন...
সময়ৰ সোঁতত পাহৰিম সকলো,
সময়ৰ বালিত ৰৈ যাব চিন।

এৰিলে মধ্যাকৰ্ষণ যেন পৃথিৱীয়ে,
পিছ নেদেখুৱা জনেওঁ আজি পিঠি দিলে
ঠিকনা থাকিও যেন ঠিকনাবিহীন
স্মৃতিয়ে দিয়ে হাঁহিবোৰ যি চিনাকীয়ে নিদিলে

Now I freak about my life, I freakout all the days!
Every time i see around myself, I'm eighty sixed in the maze! (yeah)
It was a mistake that i couldn't understand,
That i never valued you my friends
Now it's a point of no return,
And i can't go back, the water is flowing above my neck.
I miss all those fun we had together
You are less like my friend, more like my brother.

বন্ধুত্বৰ সংজ্ঞা আৰু নিবিচৰা হলো,
সময়ৰ শিকনিত আজি সকলো বুজি ল'লো,
আশা নকৰো কাৰোৰে পৰা একো,
অলপতে ফেকুৰি উঠা সেই সৰু ল'ৰাটো আজি
কঠিন হৃদয়ৰ হ'লো ।।

অকলে আহিছিলো অকলেই যাম নাচাও কালৈকো বাট,
জীৱনৰ বাটতটো লগ পাম হাজাৰক আৰু তেনেকৈয়ে শেষ হ'ব জীৱনৰ নাট ।
আশাবোৰে দিয়া আঘাত লগতে লৈ আগুৱাইছো,
সকলোকে অন্তৰৰ পৰা ক্ষমা বিচাৰিছো,
বিদায় লৈছো সকলোৰে পৰা লগাই শেষ মাত ।



Credits
Lyrics powered by www.musixmatch.com

Link