Puhor

সাহস ৰাখিবাঁ তুমি
লুকাই নাথাকে প্ৰকাশ
উদাস নহ'বাঁ তুমি
নহ'বাঁ তুমি নিৰাশ

সোণালী পুৱাৰে কিৰণে আহি
পোহৰাব তোমাৰে আকাশ
সূৰুযৰ জ্যোতিৰে পুহৰিব ধৰা
এন্ধাৰক কৰিব বিনাশ

চাবিকাঠী সফলতাৰ কিয় লাগে?
কোনে মাৰিছে তলা?
বগাব খুজিছ যদি তই উন্নতিৰ জখলা
হ'বলা কিছু গালি-শপনি, কাঁইটীয়া বাট
কটু মাত কাতি কৰি, বহুবাৰ পানী কৰি
তেজক, ঘামক, নাচাবি আনক
তই অকলে পোহৰ খেদিবি নেওচি বানক
প্ৰমাণ হওক, পোহৰে জানে দিশ
সূৰুযে আনে নৱদিগন্ত
নাভাগৰিবি সাঁতুৰি প্ৰশান্ত

ছন্দেৰে সজোৱা জীৱন
তুমি লোৱাঁ আজি পণ
পোহৰে সজোৱা জীৱন
জিলিকক পল-অনুক্ষণ

সোণালী পুৱাৰে কিৰণে আহি
পোহৰাব তোমাৰে আকাশ
সূৰুযৰ জ্যোতিৰে পুহৰিব ধৰা
এন্ধাৰক কৰিব বিনাশ

সাহস ৰাখিবাঁ তুমি
লুকাই নাথাকে প্ৰকাশ
উদাস নহ'বাঁ তুমি
নহ'বাঁ তুমি নিৰাশ



Credits
Writer(s): James Tennapel, Rajib Bhuyan
Lyrics powered by www.musixmatch.com

Link