Roud

ৰ'দে আজি কথা শিকালে
জোকাৰিলেও যে ধূলি জিলিকে
সৰাপাতেও যেন ৰ'দকে মাতে
স্মৃতিক সাৱটি ধোঁৱা হৈ উৰে
আজিৰে গান মোৰ সেমেকি পৰে
বুকুৰে কান্দোন চেঁচা হৈ পৰে

ৰ'দৰ তাপত
বিচাৰিছোঁ তোমাৰেই মুখনি
নুবুজিলোঁ মই
বতাহত মিলি যোৱা ধূলি তুমি

বালিচাপৰিত ৰ'দ পুঁৱাবলৈ বহিছিলোঁ
হেজাৰ কাহিনী নদীতে উটিব দিলোঁ
কবিতা তুমি ৰচা ডুবিব দিলোঁ
শেষৰ ৰ'দজাক ডাৱৰক ঢাকিব দিলোঁ

ৰ'দৰ তাপত
বিচাৰিছোঁ তোমাৰেই মুখনি
নুবুজিলোঁ মই
বতাহত মিলি যোৱা ধূলি তুমি



Credits
Writer(s): Diptanil Barua
Lyrics powered by www.musixmatch.com

Link