Moinakon Bakhor

দেওলগা খালতে মাগুৰ মাছ লাগিলে
লগাওঁতে লাঙি জাল
যৌৱনৰ কালতে চেনায়ে ঠেহ পাতিলে
পাওঁতেই অকণ ভাল
দেওলগা খালতে মাগুৰ মাছ লাগিলে
লগাওঁতে লাঙি জাল
যৌৱনৰ কালতে চেনায়ে ঠেহ পাতিলে
পাওঁতেই অকণ ভাল

ছট্-ফটাই থাকোং যেন
তোৰ লগত যিহে প্ৰেম
প্ৰেম-পীৰিতি জাঁজী নৈ
শুন হেৰ', মইনাজান
তোৰ স'তে থকাই টান
কটাওঁ ৰাতি-দিন কেনেকৈ!
তোৰ কেটেৰা মাতে
খুন্দা মাৰি একে চাতে
ঘুণীয়া কৰেহি মোৰ বুকু
খঙত ফেপেৰি পাত
মাতিলেও নেমাত
নোৱাৰোঁ ধৰিবলে' একো
ছট্-ফটাই থাকোং যেন
তোৰ লগত যিহে প্ৰেম
প্ৰেম-পীৰিতি জাঁজী নৈ
শুন হেৰ', মইনাজান
তোৰ স'তে থকাই টান
কটাওঁ ৰাতি-দিন কেনেকৈ!

মইনাকণ বাখৰ, ৰৈ যা
বুকুতে বান্ধি লৈ যা
তোৰ মৰমতে জীওঁ, নেলাগে ভোকৰ ভাত
তয়ে মোৰ সোণ, মই তোৰ জান
কথাই-প্ৰতি অভিমান
নৈ বৈ যাব চকুলোৰ নিদিলে মুখৰ মাত
ঐ, চেং, কোমলকৈ
এই কলিজাতে
বিৰহ-বেদনাই মেলাখনি পাতে
তোৰ কেটেৰা মাতে
খুন্দা মাৰি একে চাতে
ঘুণীয়া কৰেহি মোৰ বুকু
খঙত ফেপেৰি পাত
মাতিলেও নেমাত
নোৱাৰোঁ ধৰিবলে' একো
দেওলগা খালতে মাগুৰ মাছ লাগিলে
লগাওঁতে লাঙি জাল
যৌৱনৰ কালতে চেনায়ে ঠেহ পাতিলে
পাওঁতেই অকণ ভাল
দেওলগা খালতে মাগুৰ মাছ লাগিলে
লগাওঁতে লাঙি জাল
যৌৱনৰ কালতে চেনায়ে ঠেহ পাতিলে
পাওঁতেই অকণ ভাল

এযোৰা শালিকা দেখিলে
মোলৈ মনতে পৰিলে
ইনাই-বিনাই মাতিলেও মই উলটি নেচাওঁ, বেং
চিন্তা-ভাৱনাই খুঁটিব
ফুটা কপালো ফুটিব
মই নহ'লে তোৰ, সোণ, জীৱনটো কিবা জেং
ঐ, চেং, কোমলকৈ
এই কলিজাতে
বিৰহ-বেদনাই মেলাখনি পাতে
তোৰ কেটেৰা মাতে
খুন্দা মাৰি একে চাতে
ঘুণীয়া কৰেহি মোৰ বুকু
খঙত ফেপেৰি পাত
মাতিলেও নেমাত
নোৱাৰোঁ ধৰিবলে' একো
নোৱাৰোঁ ধৰিবলে' একো



Credits
Writer(s): Chinmoy Kaushik, Joy Nirvan, Palash Gogoi
Lyrics powered by www.musixmatch.com

Link