Nixa Nixa

কাৰ বাবে চঞ্চল হৃদয়ত আলোড়ন?
কাৰ বাবে দ্ৰুততৰ মোৰ স্পন্দন?

যাযাবৰী
জীৱনতে
হেঁপাহৰে
ৰং
বিচাৰি
খোজে-খোজে
উদাসী
ক্ষণ

নিশা-নিশা উজাগৰে আজিকালি মই
এন্ধাৰতে ঘূৰি ফুৰোঁ বিলীন হৈ
উকা উকা ধৰণীয়ে উচুপিহে ৰয়
চৌদিশে কিয় আজি বিষাদৰে নৈ!

যাযাবৰী
জীৱনতে
হেঁপাহৰে
ৰং

গোলাপৰো মৰহা পাহি
শেৱালিৰ সুবাসো আলহী
গোলাপৰো মৰহা পাহি
শেৱালিৰ সুবাস আজি আলহী
উদাস উদাস এই ধৰণী
মিঠা অতীত আজি অচিনাকি

নিশা-নিশা উজাগৰে আজিকালি মই
এন্ধাৰতে ঘূৰি ফুৰোঁ বিলীন হৈ
উকা উকা ধৰণীয়ে উচুপিহে ৰয়
চৌদিশে কিয় আজি বিষাদৰে নৈ!

আকাশলৈ চালোঁ
মেঘবোৰ ওফন্দি আহিছে
তোমাৰ মুখখনলৈ মনত পৰিল
স্মৃতিবোৰ মৰা নাই যে?
তোমাৰ হৃদয়ত যদিও মোৰ নাম নিষিদ্ধ
তথাপি সদায় হৈ থাকিব আৱদ্ধ



Credits
Writer(s): Dhruv Thakuria, Mrityunjoy Kakati
Lyrics powered by www.musixmatch.com

Link