Dur Duronite

দূৰ দূৰণিতে
আছোঁ উৰি কেনি জোনাকী হৈ?
তোৰ দুবাহুতে
জিৰাব দিবিনে নিজাপী লৈ?

নিজকেনো কিয় পাহৰিছোঁ মই?
হৃদয়ৰে গোপন বেথাবোৰ লৈ
প্ৰয়াণেও আজি চকুলো বয়
তমোময় এই সময়

আকাশৰ ৰূপহী পৰী তই
নিশা মোৰ কৰা জ্যোতিৰ্ময়
অনামিকা এই বতৰ
আনিলেহি প্ৰলয়

দূৰ দূৰণিতে
থাকিবিনে ৰখি হেঁপাহ মোলৈ?
সেই অজানিতে
সৰিবিনে পৰশ আপোন হৈ?

সাগৰেও সিমানক হেৰাই ৰয়
ঢৌৰ ফাঁকেৰে মাথোঁ তোমাৰে প্ৰেম বয়, হয়
দিঠকতে জানো তুমি মোৰ প্ৰণয়?
অনাদি এই সময়

আকাশৰ ৰূপহী পৰী তই
নিশা মোৰ কৰা জ্যোতিৰ্ময়
অনামিকা এই বতৰ
আনিলেহি প্ৰলয়

দূৰ দূৰণিতে
দূৰ দূৰণিতে
দূৰ দূৰণিতে
দূৰ দূৰণিতে
দূৰ দূৰণিতে
দূৰ দূৰণিতে
দূৰ দূৰণিতে



Credits
Lyrics powered by www.musixmatch.com

Link