Bhoi Lage

বিষাদ উশাহ মোৰ, বাঁহীৰ নিষাদ সুৰ
বতাহ যেন আশাবোৰ বলে অকলে
মোৰ শব্দবোৰ অশ্ৰুৰ, সময়বোৰ বৰ নিষ্ঠুৰ
নিজৰ নিজেই শত্ৰু ভয় লাগে নিজলে

ভয় লাগে, ভয় লাগে, ভয় লাগে ক'বলে
ৰ'ব নোৱাৰো থমকি, খোজ ললোঁ শেষলে
ভয় লাগে, ভয় লাগে, ভয় লাগে শুবলে
চিনাকি দুঃস্বপ্ন বোৰে বাৰে বাৰে কয় মোক ৰবলে

(I want to be free)

হাৰিলোঁ বুলি যদিও মনে মোৰ কয়
মৰম আশা আৰু বিশ্বাসবোৰ হ'ৱ নিদিওঁ ক্ষয়
(সঁচাই) হাৰি যাওঁ বুলি যদিও ভয় লাগে
কিজানি আকৌ হেৰুৱাওঁ পৰিচয়
লাগে ভয়
লাগে ভয়
লাগে ভয়

বিষাদ উশাহ মোৰ, বাঁহীৰ নিষাদ সুৰ
বতাহ যেন আশাবোৰ বলে অকলে
মোৰ শব্দবোৰ অশ্ৰুৰ, সময়বোৰ বৰ নিষ্ঠুৰ
নিজৰ নিজেই শত্ৰু ভয় লাগে নিজলে

ভয় লাগে, ভয় লাগে, ভয় লাগে ক'বলে
ৰ'ব নোৱাৰো থমকি, খোজ ললোঁ শেষলে
ভয় লাগে
ভয় লাগে
ভয় লাগে শুবলে
চিনাকি দুঃস্বপ্ন বোৰে বাৰে বাৰে কয় মোক ৰবলে
ভয় লাগে
ভয় লাগে
ভয় লাগে



Credits
Writer(s): Nilutpall Kakati
Lyrics powered by www.musixmatch.com

Link