Moromor Buloni

ক'লাহি মধুৰ প্ৰেমৰ কাহিনী
দিলাহি বুকুতে মৰমৰ বুলনি
শুনাহি নোকোৱা সাঁথৰৰ ভাঙনি
হ'লাহি জীৱন-বাটৰ লগৰী

উশাহে-নিশাহে প্ৰতিটো খোজতে
তুমি আছাহি বৈ
হিয়াৰে কোণতে প্ৰতিটো ক্ষণতে
তুমি থাকাহি ৰৈ
উশাহে-নিশাহে প্ৰতিটো খোজতে
তুমি আছাহি বৈ
হিয়াৰে কোণতে প্ৰতিটো ক্ষণতে
তুমি থাকাহি ৰৈ

ক'লাহি মধুৰ প্ৰেমৰ কাহিনী
দিলাহি বুকুতে মৰমৰ বুলনি

ৰ'দালিৰে হেঙুলীয়া কিৰণেৰে পোহৰালা
ডাৱৰৰে আঁৰে-আঁৰে লাজে-লাজে হাঁহি দিলা
ৰ'দালিৰে হেঙুলীয়া কিৰণেৰে পোহৰালা
ডাৱৰৰে আঁৰে-আঁৰে লাজে-লাজে হাঁহি দিলা

মুক্ত আকাশ
গানৰ সুবাস
সুৰে-সুৰে আহি আৱৰিছা
স্তব্ধ জোনাক
প্ৰেমৰ প্ৰকাশ
বাৰে বাৰে তুমি আৱৰিছা

মৌনতাৰে বুজালাহি এবুকু মৰম
মৌনতাৰে বুজালাহি এবুকু মৰম
মৌনতাৰে বুজালাহি এবুকু মৰম



Credits
Writer(s): Anupam Konwar, Parineeta Goswami, Prachurjya Talukdar
Lyrics powered by www.musixmatch.com

Link