NOTUN BHARAT

চিৰ প্ৰণামো তোমাক বীৰ সেনানী
দেশৰ হকে দিলা প্ৰাণ আহুতি
সীমান্তত নহ'লেও যুঁজিম আমি
বাহিৰা এৰি, ল'ম থলুৱাক আদৰি

নতুন ভাৰতৰ নতুন ভাষা
নতুন বিকাশৰ নতুন আশা
সুবিশাল আজিৰ এই চিন্তা
অপেক্ষা কিহৰ যুৱ-প্ৰতিভা

কণকণ কৰি পানীৰ টোপাল
মিলিজুলি হয় সাগৰ বিশাল
হাতে হাত ধৰি একতাৰ শকতি
গঢ়ো আহা দেশৰ প্ৰগতি

অগণন সমল তোমাৰ প্ৰতীক্ষাত
হ'ব ঋষভ তোমাৰ পৰশত
সমস্যাই ল'ব ৰূপ সুবিধাৰ
মাথোঁ প্ৰয়োজন কিছু প্ৰচেষ্টাৰ।



Credits
Writer(s): Pankaj Chutia
Lyrics powered by www.musixmatch.com

Link