I Am Lost

তোমাৰ ওঁঠৰ জীপাল পৰশ আকুল আৱেশতে
শিহৰণ জাগিলে তেজত
তিৰ্-বিৰ্ চাকি হৈ নিমাত উমাল ৰাতিৰ কোলাত
জ্বলালাহি কলিজাৰ আমেজ

তোমাৰ নীলা দুচকুৱে
সপোন পাহৰালে
ভাৱনাতে বাগৰে প্ৰহৰ
নিঠৰুৱা হেঁপাহকে
বুজনি তুমি দিবানে?
বিচাৰি নাপাওঁ যে নিজক

I am lost (lost)
I am lost (lost)
I am lost
I am lost (lost)

আধালিখা হৈ নিয়ৰসনা কথা হাঁহিৰ ৰাগীত
সীমনা হেৰুওৱা বাসনা
জড়তাৰে আৱৰা মোৰ প্ৰতিটো আৱেগ গধুৰ
তুমিয়ে দিয়াহি প্ৰেৰণা

তুমি বিনে অস্থিৰতা
এপলো থাকিব নোৱাৰা
হৃদয়তে দিয়াঁচোন আদৰ
জোন-তৰা সকলোতে
দেখিছোঁ মাথোঁ তোমাকে
হেৰুৱালোঁ তোমাতে নিজক

I am lost (lost)
I am lost (lost)
I am lost
I am lost (lost)

I am lost (lost)
I am lost (lost)
I am lost
I am lost (lost)
(Baby)
(I am lost)



Credits
Lyrics powered by www.musixmatch.com

Link