Mohor Gari Loi

এ ম'হৰ গাড়ী লৈ
এ যামে মইনা ঐ
এ তোমালোকৰ ঘৰৰ ফালে এপাক দিবলৈ
এ ম'হৰ গাড়ী লৈ
এ যামে মইনা ঐ
তোমালোকৰ ঘৰৰ ফালে এপাক দিবলৈ

হাতে বুলাই মাতিবাঁ হাঁহিটি মুখত লৈ
ছেগ বুজি কৈয়ে দিমে মইনা love you বুলি ঐ
ছেগ বুজি কৈয়ে দিমে মইনা love you বুলি ঐ

এ চকুতে চকু থৈ, এ মইনা কি মৰম লগালা!
ঐ ওৰেটো জীৱন, এ মইনা মোৰে হৈ থাকিবাঁ
ঐ চকুতে চকু থৈ, এ মইনা কি মৰম লগালা!
ঐ ওৰেটো জীৱন, এ মইনা মোৰে হৈ থাকিবাঁ

তোমাৰ ৰঙা-বগা গাল
ঘামে তিতা কঁকাল
দেখি এনে লাগে, এ মইনা তোমাৰ কাষলে' যাম

এ ম'হৰ গাড়ী লৈ
এ যামে মইনা ঐ
তোমালোকৰ ঘৰৰ ফালে এপাক দিবলৈ

এ এইবেলি বিহুতে তোমালোকৰ ঘৰলৈ
এ মা-দেউতাক পঠিয়ামে তামোল পেলাবলৈ
এ তুমি সোণ আহিবাঁ মূৰত ওৰণি লৈ
এ লাজতে-ভয়তে চাহ-জলপান দিবলৈ

সমাজত সোণ বহিবাঁ
আইৰ কাষত আহিবাঁ
দীঘলকৈ ওৰণিৰে জান ঐ সেৱাভাগ ল'বাঁ

এ ম'হৰ গাড়ী লৈ
এ যামে মইনা ঐ
তোমালোকৰ ঘৰৰ ফালে এপাক দিবলৈ
এ তোমালোকৰ ঘৰৰ ফালে এপাক দিবলৈ
এ তোমালোকৰ ঘৰৰ ফালে এপাক দিবলৈ



Credits
Writer(s): Bhaskar Opswel
Lyrics powered by www.musixmatch.com

Link