Nikhuj Mehar

ৰিক্ত তোমাৰ স্নিগ্ধ হিয়াত
আঁউসীৰ নিৰস বালিচৰাত জোনাক সিঁচিব খোজোঁ
অচিন বাঁহীৰ অজানা সুৰত
বনগীত প্ৰেমৰ শ্যামলী সুৰৰ কলতান হ'ব খোজোঁ
সময়ে কাঢ়ি নিয়া তৃপ্তিৰ সৰু পঁজা
আহি সাজি দিয়া আজি দুনাই
গোলাপ সিঁচা তোমাৰ লাজুকী ওঁঠত
পূৰ্ণতা হাঁহি হৈ ফুলিব খোজোঁ
প্ৰেমিকা দিয়া মাথোঁ এটি সহাঁৰি
মোৰ নিস্তব্ধতাত শব্দ সিঁচি দিয়া
অতীত আমাৰ সুঁৱৰি, দিয়া স্মৃতিৰ ৰঙে সপোন আকোঁ
সিক্ত শীতৰ নৃত্যৰতা চুপহিত
স্মৃতিৰ কলপেৰে তোমাক সাজি নীহাৰ হৈ চুমিব খোজোঁ
মুক্ত প্ৰেমৰ অস্থিৰ সলিল উন্মাদিনী
কামিনী তোমাৰ কল্লোল কায়াক অভিমান হৈ ভেটিব খোজোঁ
বিনিদ্ৰ তামসীত অন্তৰৰ হাহাকাৰ
প্ৰেম যেন আমাৰ শিল্প শতিকাৰ
প্ৰণয়ী নীৰদে নিনাদে নিৰৱে, নিখোঁজ মেহাৰ
পিয়াৰু শ্ৰোতাৰে ব'ব দিয়া ৰাগ
বিৰহী মোৰ আকুল নিৰস হিয়াত
অংকুৰ প্ৰেমৰ দিয়াহি গোপনে সিঁচি
পিয়াৰু শ্ৰোতাৰে ব'ব দিয়া ৰাগ
বিৰহী মোৰ আকুল নিৰস হিয়াত
অংকুৰ প্ৰেমৰ দিয়াহি গোপনে সিঁচি
শৰালিৰ প্ৰেমৰ প্ৰতিশ্ৰুতি
ৰাগি প্ৰেমৰ অভিনয় বৃথা
তুলিকা বাসন্তি সপোনৰ
মাথোঁ তোমাৰ ৰঙীন চলনা
বুকুতে পুহিলোঁ মন ময়ূৰ আশাৰ
আকৌ তুমি উভতি অহাৰ
উচুপে সূৰুযে বেদনা ত্ৰিশাৰ
প্ৰণয়ী নীৰদে নিনাদে নিৰৱে, নিষ্ঠুৰ দিঠক এয়া
তুমি বুকুৰ নিখোঁজ মেহাৰ
তুমি বুকুৰ নিখোঁজ মেহাৰ



Credits
Writer(s): Paran Jyoti Borah
Lyrics powered by www.musixmatch.com

Link