Klanta Xomoi

ক্লান্ত সময়
উন্মুক্ত বতাহ
ৰুগ্ন হৃদয়
ৰাঙলী আকাশ
ক্লান্ত সময়
উন্মুক্ত বতাহ
ৰুগ্ন হৃদয়
ৰাঙলী আকাশ

শূন্য বুকুত একাঁজলি উশাহ
অস্তগামী সূৰুযৰ ক্ষুদ্ৰ আভাস

ক্লান্ত সময়
উন্মুক্ত বতাহ
ৰুগ্ন হৃদয়
ৰাঙলী আকাশ

উঁ-উঁ-উঁ-এ-এ-এ
whoa oh-oh-oh-oh-oh
না-না-নে-এ-এ-এ

কুঁৱলীৰ ফাঁকেৰে অহা এজাক ৰ'দালিৰ
মাদকতা পাহৰি হেৰাল অনুভূতি
তলসৰা বকুলৰ সুগন্ধিত পদূলিৰ
স্মৃতি সুঁৱৰি বিচাৰোঁ সেই গধূলি

কিয়নো আহে জীৱনত ধুমুহা
কৰি ধ্বংসৰ লীলা আখৰা?
কিয়নো আহে জীৱনত ধুমুহা
কৰি ধ্বংসৰ লীলা আখৰা?

ক্লান্ত সময়
উন্মুক্ত বতাহ
ৰুগ্ন হৃদয়
ৰাঙলী আকাশ

হৃদয়ৰ থাপনাত এন্ধাৰৰ গভীৰতা
আশাৰে চাকিটিৰ সেমেকা শলিতা
দুচকুত ধূসৰিত স্বপ্নৰ বিশালতা
প্ৰতি উশাহতে বিষাদৰে যাতনা

কিয়নো নামে অমানিশা
নুমুৱাই আশাৰে শিখা?
কিয়নো নামে অমানিশা
নুমুৱাই আশাৰে শিখা?

ক্লান্ত সময়
উন্মুক্ত বতাহ
ৰুগ্ন হৃদয়
ৰাঙলী আকাশ



Credits
Writer(s): Mrityunjoy Kakati
Lyrics powered by www.musixmatch.com

Link