Kaal Dhumuha

হে আকাশ দিবানে তুমি
তোমাৰ উদাৰতা
তোমাৰ বিশালতা

হে সাগৰ দিবানে তুমি
তোমাৰ গভীৰতা
তোমাৰ নিসঙ্গতা

হে আকাশ
কাল ধুমুহাৰ ভয়াবহতাই
অস্থিৰ কৰে মোৰ নিৰবতা
সঙ্গীবিহীন মোৰ জীৱনত
কতযে ভাবনা মোৰ দুৰ্বলতা
দুৰ্বলতা

সেয়েহে আকাশ দিয়ানা তুমি
জোনাকৰ স্নিগ্ধতা
জীৱন পুৰ্ণ কৰাৰ অঙ্গীকাৰ
গীতে মাতে সুৰে সুৰে
জীৱন ৰচাৰ

হিয়াৰ উমেৰে মচি দিম মই
বেথাৰ চকুলোৰ ধাৰ
হে আকাশ



Credits
Writer(s): Nasreen Halim
Lyrics powered by www.musixmatch.com

Link