Tumi Hahi Dile

আবেলি আহি
পদুলি পালে
শেৱালী হৈ ফুলিবানে?
তৰালী খেদি
আকাশ পালে
গধুলি মনৰ জোন হ'বানে?
তুমি হাহি দিলে
ফাগুণৰ সমীৰে,
অনুভৱী আকাশতে
প্ৰীতিৰে ঢৌ তুলে।
তুমি হাহি দিলে
বৰষুণ এজাকে,
শুকান মোৰ মনকে
মাথো জী তুলে।

কামিনী হাবিয়াসে
নানাৰঙী আবেগক,
সৰু সৰু কথাৰে
হিয়াতে সামৰিলে।
কামিনী হাবিয়াসে
নানাৰঙী আবেগক,
সৰু সৰু কথাৰে
হিয়াতে সামৰিলে।
অনুভৱে প্ৰতিপলে
তোমাৰেনো কাষতে,
এটি দুটি আশা লৈ
বুকুৰে হ'ব খোজে।
তুমি কাষত ৰলেই
সপোনৰ সুবাসে
হৃদয়ৰ চুবুৰীতে
উলাহতে উৰি ফুৰে
তুমি হাহি দিলে
ফাগুণৰ সমীৰে,
অনুভৱী আকাশতে
প্ৰীতিৰে ঢৌ তুলে।
তুমি হাহি দিলে
বৰষুণ এজাকে,
শুকান মোৰ মনকে
মাথো জী তুলে।



Credits
Writer(s): Tutu Garg
Lyrics powered by www.musixmatch.com

Link