Duronire Gaan

সৌ দূৰণিৰে গান কাৰ বুকুতে বাজে
সৌ আকাশৰে ফুল কাৰ বুকুতে ফুলে
মন জোনাকী ৰাতি কাৰ কাষলে উৰে
ঢৌ বুকতে লাগি কাৰ ঘাটতে সৰে
নেজানো হঠাতে কিয়নো তোমালে মৰম জাগে
ডাৱৰেৰে ভৰা আকাশতে আজি বৰষা নামে
অচিনা পখীয়ে ৰাতিৰে আকাশত কলতান তোলে
এন্ধাৰে আবৰা আকাশতে আজি জোনাক নামে

পুৱতি নিশাৰে গুন গুন
বুকুতে বাজিছে ৰুন জুন
নেজানো সেয়া কি অচিনা পখীৰে গান
পুৱতি নিশাৰে গুন গুন
বুকুতে বাজিছে ৰুন জুন
নেজানো সেয়া কি অচিনা পখীৰে গান
কাৰ বাবে সজোৱা নিশাত
কোনে আহি বুকুতে সাজে
কাৰ বাবে জোনাকী পোহৰ
আজিও তাইৰ বুকুৰে সৰে
নেজানো হঠাতে কিয়নো তোমালে মৰম জাগে
ডাৱৰেৰে ভৰা আকাশতে আজি বৰষা নামে
অচিনা পখীয়ে ৰাতিৰে আকাশত কলতান তোলে
এন্ধাৰে আবৰা আকাশতে আজি জোনাক নামে।



Credits
Writer(s): Bhaskar Surath
Lyrics powered by www.musixmatch.com

Link