Mon Jai Ketiyaba

পচোৱা বলিছে মন বননিত
ফাগুণ নামিছে অভিমানী দুনয়নত
চেনেহৰ বুলনি বিলাসী মনত
জোনাক নামিছে অনুভৱী হৃদয়ত
মন যায় কেতিয়াবা
তোমাৰ উশাহ হৈ চাবলে
মন যায় কেতিয়াবা
তোমাৰ আবেগ হৈ চাবলে
মন যায় কেতিয়াবা
তোমাৰ সপোন হৈ চাবলে
মন যায় কেতিয়াবা
তোমাৰ আপোন হৈ চাবলে
পচোৱা বলিছে মন বননিত

আবেগৰ কুসুম মনৰ পুখুৰীত
সপোনৰ জিৰণি প্ৰতিটো উশাহত
আশাৰ খিৰিকী তুমি হৃদয় কোঠালীত
মোৰ সুখৰ সুহুৰি তুমি মনৰ নিজানত
পচোৱা বলিছে মন বননিত
ফাগুণ নামিছে অভিমানী দুনয়নত



Credits
Writer(s): Kajal Krishna, Pallav Madhukulya
Lyrics powered by www.musixmatch.com

Link