Krishnachura

কৃষ্ণচূড়া তোৰ নিলাজ হাঁহিত
ৰঙা জিঞা উৰে
সেন্দুৰী হৈ আৱেগবোৰ
টোপা-টোপে সৰে

মেঘ-বৰণৰ আকুল হিয়া
সেউজ ভাৱনা বাখৰুৱা
মেঘ-বৰণৰ আকুল হিয়া
সেউজ ভাৱনা বাখৰুৱা

কৃষ্ণচূড়া তোৰ নিলাজ হাঁহিত
ৰঙা জিঞা উৰে

বুকুৰে বলুকাত ৰঙা আৱেগে
তুলিকাৰে ৰং ছটিয়ালে
এলাগী ভাৱৰ গুণ্-গুণনিত
হেজাৰ ফুল ফুলে

পাল তৰা নাও মেলোঁ
তোমাৰ হিয়াত
মৌনতা খেদি ফুৰা
স্বপ্নৰ আভাস

কৃষ্ণচূড়া তোৰ নিলাজ হাঁহিত
ৰঙা জিঞা উৰে
সেন্দুৰী হৈ আৱেগবোৰ
টোপা-টোপে সৰে

চাওঁ যদি মই তোমাৰ নয়নত
বালিমাহীয়ে সুৰ তোলে
নদীৰ পাৰত জুৰ কঁহুৱাই
মনৰ কথাবোৰ পাতে

মৰুৰ নিজান-নিতাল
উশাহবোৰত
পিয়াহ ওঁঠত লাগি
উমাল পৰত

কৃষ্ণচূড়া তোৰ নিলাজ হাঁহিত
ৰঙা জিঞা উৰে
সেন্দুৰী হৈ আৱেগবোৰ
টোপা-টোপে সৰে



Credits
Writer(s): Deeg Diganta
Lyrics powered by www.musixmatch.com

Link