Konmani Xopun

কণমানি সপোন আৰু সৰু সৰু আশা
ঢিমি-ঢিমি-ঢিমি পোহৰ আৰু জাকে-জাকে বৰষা

হেঁপাহৰ আকাশী যানত প্ৰতিপল উঠি ফুৰোঁ
ডাৱৰে ভেটে বাট
কাগজৰে নাও সাজি সাজি সাগৰতো চেঁকুৰোঁ

কণমানি সপোন আৰু সৰু সৰু আশা
ঢিমি-ঢিমি-ঢিমি পোহৰ আৰু জাকে-জাকে বৰষা

শুকুলা ঘোঁৰা, কোঁৱৰৰ সাধুকথা
আজলী মনে মানি লয় হেনো সঁচা
পৃথিৱী নতুন, একো নাই পুৰণা
কাৰ বিৰিখত লাগি ৰয় মোৰে চিলা?

হেঁপাহৰ আকাশী যানত প্ৰতিপল উঠি ফুৰোঁ
ডাৱৰে ভেটে বাট
কাগজৰে নাও সাজি সাজি সাগৰতো চেঁকুৰোঁ

কণমানি সপোন আৰু সৰু সৰু আশা
ঢিমি-ঢিমি-ঢিমি পোহৰ আৰু জাকে-জাকে বৰষা

জোন আৰু বেলিৰ মিতিৰালি পাতোঁ
দুয়ো গধূলি গায় গান, মই শুনো
আধা ৰাতি মই প্ৰণয়ৰ ছবি আঁকোঁ
পুৱাতেই আঁকোঁ, লাজেৰে ঢাকি ৰাখোঁ

হেঁপাহৰ আকাশী যানত প্ৰতিপল উঠি ফুৰোঁ
ডাৱৰে ভেটে বাট
কাগজৰে নাও সাজি সাজি সাগৰতো চেঁকুৰোঁ

কণমানি সপোন আৰু সৰু সৰু আশা
ঢিমি-ঢিমি পোহৰ আৰু জাকে-জাকে বৰষা



Credits
Writer(s): Palash Surya Gogoi
Lyrics powered by www.musixmatch.com

Link