Saya

মুগ্ধ ৰাতি তুমি তৰা হৈ জিলিকা,
স্নিগ্ধ পোহৰত প্ৰণয় বিলোৱা।
শব্দ মধূৰ তুমি প্ৰেমৰ কবিতাৰ,
বিমূক্ত বাঁহীৰ সুৰ কোনো দূৰ সীমনাৰ।
মুগ্ধ ৰাতি তুমি তৰা হৈ জিলিকা,
স্নিগ্ধ পোহৰত প্ৰণয় বিলোৱা।

তুমি আঁতৰাই মোৰ মনৰ তমসা
চৌপাশে প্ৰেমৰ অগনি জ্বলোৱা।
তুমি পাহৰাই মোৰ দুখৰ বেদনা,
মিঠা মিঠা সুৰেৰে জীৱন সজোৱা।
তুমি মোৰ হোৱা, মাঁথো মোৰ হোৱা,
মোৰ মাজতেই যেন হেৰাই যোৱা।
মোৰ প্ৰতি পুৱা, মোৰ প্ৰতি নিশা
সুৰে সুৰে তুমি গান হোৱা।
তুমি মোৰ হোৱা, মাঁথো মোৰ হোৱা,
মোৰ মাজতেই যেন হেৰাই যোৱা।
মোৰ প্ৰতি পুৱা, মোৰ প্ৰতি নিশা
সুৰে সুৰে তুমি গান হোৱা।
দুচকুৰ পৰিধিত কিনো ৰঙীন মায়া,
শূন্যতাৰ পাৰ ভাঙি হেৰাব খোজা ।
মনৰ হেঁপাহত কিনো আকুল ভাষা,
উশাহে নিশাহে মাথোঁ ভালপোৱা।
মই যদি তোমাক চুব খোজোঁ,
তুমি ছায়া হৈ কিয় আঁতৰি যোৱা।
পাৰা যদি তুমি মাথোঁ মোৰেই হোৱা,
দুবাহু মেলি মোক আদৰি লোৱা।
তুমি মোৰ হোৱা, তুমি মোৰ হোৱা,
তুমি মোৰ হোৱা,
তুমি মোৰ হোৱা, তুমি মোৰ হোৱা,
সুৰে সুৰে তুমি গান হোৱা।



Credits
Lyrics powered by www.musixmatch.com

Link