Duporor Akash

দুপৰৰ আকাশত জ্বলে জুই
নৈ বুকুতো কথা আছে শুই
মোৰো মনতো মোৰো মনতো জ্বলে নিজানে
ৰঙা ৰঙা ফাগুন সপোনে দিঠকে
সজা ভাঙি গুছি যাওঁ সিপাৰে
দুপৰৰ আকাশত জ্বলে জুই
নৈ বুকুতো কথা আছে শুই
শিমলু ফুলে জানো ফাগুন নাহিলে
কঁহুৱা ফুলে জানো আহিন নাহিলে
কান্দেনে আকাশে ডাৱৰ নেদেখিলে
মই কিয় কান্দু কোনেও নজনাকে
আধা কোৱা কথা আধা কোৱা কথাৰ ৰাগি বুকুতে
জ্বলা নুমা ছবি পোহৰে আন্ধাৰে
সজা ভাঙি গুচি যাওঁ সিপাৰে
দুপৰৰ আকাশত জ্বলে জুই
নৈ বুকুতো কথা আছে শুই
নিয়ৰ হয় মুকুতা ৰ'দালি দেখিলে
নালাগে ভাল আকাশ জোনাক নাথাকিলে
আধা দেখা সপোন ৰাতিৰ খিৰিকীতে
নোকোৱা কথাৰ ঢৌ উঠি নামে
ৰাতিৰ বাঁহীত ৰাতিৰ বাঁহীত সুৰে চতিয়না
বুকুত বাঁজে তাৰ সপোন যেন কথা
সজা ভাঙি গুচি যাম সিপাৰে
(দুপৰৰ আকাশত জ্বলে জুই, নৈ বুকুতো কথা আছে শুই)২
মিগাং মৃন্ময় মিলি
গাওঁ-বিহগুৰি, ডাক-কামদেৱাল, জিলা-শোণিতপুৰ(অসম)
পিন-৭৮৪১৬৯, ফোন-৯৫৭৭০০৬৩৫৬, ৮৪০৪০৯৬৪৯৮, ৮৫৫৭৯৩৫১৪১



Credits
Writer(s): Tarali Sharma, Anuradha Sharma Pujari
Lyrics powered by www.musixmatch.com

Link