Xubaxh

আকাশত লিখিলোঁ তোমাৰেই নাম
সপোনত শুনিলো তোমাৰেই গান
আকাশত লিখিলোঁ তোমাৰেই নাম
সপোনত শুনিলো তোমাৰেই গান

বাৰিষা নামে
বুকুতে মোৰ, সাবটিলো তুমাকে

ফাগুনৰে পছোৱা বতাহতে
বৈ আছা যেন তুমি পাটৰ দৰে
মেঘৰঞ্জনী তুমি মোৰ জীৱনৰ
বাৰিষা নামি আহে তুমি সৃষ্টি হ'লে
তোমাৰ চাৱনী আকাশত জিলিকে
নিজৰাৰে পানী যেন সুৰ বৈ থাকে
তুমি ৰাগিনি হোৱা মোৰ সপোনৰ
থাকিম তোমাৰ সোঁতে জনমে জনমে
তোমাৰেই প্ৰেমত মগ্ন মই কিয় জানা
হলেও তুমি নিজক এবাৰ সুধি চাবা
মনৰে পৰি হৈ তুমি উৰি আহি
প্ৰেমৰে বতৰা মোৰ হৃদয়তে বিয়পালা
শেৱালী তুমি মোৰ পৃথিৱীৰ
তোমাৰে ভাবনা কৰে মোক আমনি
স্নিগ্ধ হিয়াত মই ৰাখিছোঁ আজি
মোক দিবানে মৰমৰ তুমি আগ জাননী

আছোঁ কাষৰতে
মৰম দিবলে মই
তোমাৰ অবিহনে
থাকিম কিদৰে
আজি তুমি নহলে, মোৰ মন নভৰে
আজি তুমি নহলে, মোৰ হিয়া উচুপে

ৰাতি ৰাতি তোমাৰেই গান লিখি থলো
হিয়াতে মোৰ তোমাৰ ছবি ৰাখি দিলোঁ

আকাশত লিখিলোঁ তোমাৰেই নাম
সপোনত শুনিলো তোমাৰেই গান
আকাশত লিখিলোঁ তোমাৰেই নাম
সপোনত শুনিলো তোমাৰেই গান



Credits
Writer(s): Sunny Starling
Lyrics powered by www.musixmatch.com

Link