Atori Atori Thakileu Tumi

আঁতৰি আঁতৰি থাকিলেও তুমি
নিদিবা দলিয়াই মনৰ পৰা
দুৰ দুৰণিত থাকিলেও তুমি
পৃথক নকৰিবা জীৱনৰ পৰা

মোৰ বাবে তুমি
চিৰ নতুন এটি
মোৰ বাবে তুমি
চিৰ নতুন এটি
কবিতা কবিতা
কবিতা কবিতা

আঁতৰি আঁতৰি থাকিলেও তুমি
নিদিবা দলিয়াই মনৰ পৰা

চকুৰে নমুনা
দুৰণিলে নাযাবা
কৈছিলা তুমি মোক
মাথো সৌ সিদিনা

শুদা শুদা লাগিব
অশ্ৰু নিগৰিব
বুলি তুমি সিদিনা
সাৱটি ধৰিছিলা

মই পাহৰা নাই
মই নাপাহৰো
তোমাৰ কথাই জানা
প্ৰতি ক্ষণে ভাবো

তুমি মাথো নিৰাশ নহবা
তুমি মাথো নিৰাশ নহবা
কবিতা কবিতা
কবিতা কবিতা

আঁতৰি আঁতৰি থাকিলেও তুমি
নিদিবা দলিয়াই মনৰ পৰা

তুমি যদি প্ৰেৰণা
নকৰিবা চলনা
বিৰহ মোৰেই নাম
আঘাত নাসানিবা

এটি পল হাহিৰে
সজাবলৈ খোজোঁতেই
হ'ল যদি কিবা ভুল
ক্ষমা কৰি দিবা

ফুল তুমি মৰমৰ
তুমি ফুলি থাকা
মই আছোঁ একে একেদৰে পাবা

জানো জানো এদিন আহিবা
জানো এদিন উভতি আহিবা
কবিতা কবিতা
কবিতা কবিতা

আঁতৰি আঁতৰি থাকিলেও তুমি
নিদিবা দলিয়াই মনৰ পৰা
দুৰ দুৰণিত থাকিলেও তুমি
পৃথক নকৰিবা জীৱনৰ পৰা

মোৰ বাবে তুমি
চিৰ নতুন এটি
মোৰ বাবে তুমি
চিৰ নতুন এটি
কবিতা কবিতা
কবিতা কবিতা

আঁতৰি আঁতৰি থাকিলেও তুমি
নিদিবা দলিয়াই মনৰ পৰা
নিদিবা দলিয়াই মনৰ পৰা
নিদিবা দলিয়াই মনৰ পৰা



Credits
Lyrics powered by www.musixmatch.com

Link