Xopunore Preyoxi

নিৰিবিলি এই নিশা
তুমি অহাৰে চেতনা
ধোঁৱা বৰণীয়া জোনাকতে
আবিৰৰে ৰং সানা
নিৰিবিলি এই নিশা
তুমি অহাৰে চেতনা
ধোঁৱা বৰণীয়া জোনাকতে
আবিৰৰে ৰং সানা
এচাটি পছোঁৱাৰ জোৱাৰ আনা
সোণোঁৱালী সোঁততে যাব বৈ
উকা হৃদয়তে মৰম বিয়পাই
প্ৰেমৰে অনুভূতি ব্যাকুল হৈ...
কোন সৰগৰ অপৰূপ হাঁহি
কাজল সনা সেই মুগ্ধমণি
স্বপ্নিল আভাসতে কবিতা ৰচিছোঁ
সপোন প্ৰেয়সী শিৰোঁনামেৰে বুলি

একাচল চেনেহেৰে
অৰুনিমা নয়নেৰে
জ্বলোৱা হিয়াৰে চাঁকিটি
তুমি সজতনে
উদাসী উদাসী লগা
হৃদয়ৰে বিষাদকে
আঁতৰাই পেলোৱা আহি
তুমি কাষৰলে
ভাবনাৰে ৰেঙনি ভাঙি নাযাবা তুমি সুদূৰলৈ
প্ৰবাসীৰে ডেউকা কোবাই মৰীচিকাৰে সাঁথৰ হৈ
এচাটি পছোঁৱাৰ জোৱাৰ আনা
সোণোঁৱালী সোঁততে যাব বৈ
উকা হৃদয়তে মৰম বিয়পাই
প্ৰেমৰে অনুভূতি ব্যাকুল হৈ...
কোন সৰগৰ অপৰূপ হাঁহি
কাজল সনা সেই মুগ্ধমণি
স্বপ্নিল আভাসতে কবিতা ৰচিছোঁ
সপোন প্ৰেয়সী শিৰোঁনামেৰে বুলি



Credits
Writer(s): Dhrtx
Lyrics powered by www.musixmatch.com

Link