প্ৰকৃতি (Prakriti)

ৰং ৰং ভৰপূৰ
জিপাল বাসনা বোৰ
উজুহাতে টানি নি সহজে লৈ যায়

অৰুনিমা বিয়াপি
মন লালিমাৰ সুৰ বোৰ
প্ৰভাতি পক্ষীৰ কলৰৱ হৈ যায়।

পিহু পিহু এই আলাপ
প্ৰাকৃতিৰ এই আহ্লাদ, মই শব্দ বিভোৰ
জীৱনদায়িনী উল্লাস,এটি ক্ষণো যদি ঋক্ত
ছন্দ পতন মোৰ ।

পাহৰীয়আ প্ৰতিধনিতে মোৰ
সুৰ ৰে মূৰ্চনা
ধযানমগ্ন পাহাৰটো উৎকণ্ঠা।

পাহৰীয়আ প্ৰতিধনিতে মোৰ
সুৰ ৰে মূৰ্চনা
ধযানমগ্ন পাহাৰটো উৎকণ্ঠা।

স্বপ্ননীল এখনি নদীৰ
ইপাৰ সিপাৰ গুঞ্জৰী
চিনাকি বাঁহী ৰ সুৰ খেদি
মনতে বহুতো আঁচোৰ আঁকি।

বৰ্ণীল যুক্তি
ভৰপূৰ প্রশান্তি
খেদি অহা সেই কূটকুটনি
জিলিৰ মাতত,জাগ্রত চৌদিশ
সৰবৰাহি সময় সাক্ষী
মৌ পিয়াৰ শ্ৰুতলিপি,কাগজত হিয়াৰে
মই টুকি টুকি থওঁ
সময় যন্ত্ৰই,অষ্টগামী সূৰুজৰ
সতে ফেৰ মাৰে।

নিলাকৈ আকাশত
কাঁচি জোনে চুমা দিয়ে
তৰালীয়ে ও লাহেকৈ ফুল বাছে

নিলাকৈ আকাশত
কাঁচি জোনে চুমা দিয়ে
তৰালীয়ে ও লাহেকৈ ফুল বাছে

স্বপ্ননীল এখনি নদীৰ
ইপাৰ সিপাৰ গুঞ্জৰী
চিনাকি বাঁহী ৰ সুৰ খেদি
মনতে বহুতো আঁচোৰ আঁকি।



Credits
Writer(s): Ankur Sharma
Lyrics powered by www.musixmatch.com

Link