Priyotoma

অজলা বুকুৱে তোমালে জানা
লিখিলে চিঠি সিদিনা
ফাগুনী আকাশৰ আবেলিৰে ছায়াত
ভাবিছো সাজো সৰুকে এটি পঁজা
যদি তুমি সহাৰি দিয়া।
মোৰ সেমেকা বুকুত জোনাকী হৈ নামা
তুমি তুমি তুমি লাগে কিয় নেজানো এই নিশা
সানি দিলা অজানিতে জোনাকী ৰং এসোপা
তুমি তুমি তুমি লাগে কিয় নেজানো এই নিশা
এপিয়লা জোনাক তুমি আনিবা নে কোৱা?
অবুজন বুকুৰে বহুতো কথা
মায়া সনা এটি সন্ধিয়াত
আহি তুমি এবাৰলেতো শুনি যোৱা
তোমাৰে মৰমে আৱৰা চুমা
বিচাৰো প্ৰতিটো নিশা
ৰ'বানে কাষতে আজি প্ৰিয়তমা?
তুমি তুমি তুমি লাগে কিয় নেজানো এই নিশা
সানি দিলা অজানিতে জোনাকী ৰং এসোপা
তুমি তুমি তুমি লাগে কিয় নেজানো এই নিশা
দুবাহুতে দুবাহু থৈ ৰোৱানা প্ৰিয়তমা
তোমাতে সপি দিলো ভালপোৱা
প্ৰতিটো জনমলে মোৰ হোৱা
তোমাতে জাগে কিয় ভালপোৱা?



Credits
Lyrics powered by www.musixmatch.com

Link