Tumi Xonsito (From "Promaan")

ক্ষণবোৰ বুটলি হিয়া মোৰ আবেলি
পখী হৈ উৰা মাৰে
প্ৰিয়তমাৰ চিঠিত
ঠিকনা তোমাৰ দেখি
পদূলিৰ শেৱালিৰ সুবাসে আনে
তোমাৰ স্মৃতিৰ এনাজৰী
শৰতৰ প্ৰতিটো ৰাতি
শব্দ ধূসৰিত
ছন্দ মোৰ কম্পিত
তোমাৰ মৰমৰ উম
শৰতত বঞ্চিত
মনতে মোৰ তুমি সঞ্চিত
মনতে মোৰ তুমি সঞ্চিত

কিয়নো দুচকুতে
নিৰ্মল হাঁহিৰ ৰঙে,আঁকি যায়
তোমাৰ ছবি
চিত্ৰশালা গঢ়ি
শৰতে দেখা মৰহা পাতৰ হেঁপাহ
জীৱনলে, মোৰো আহে
তোমাক বসন্ত ভাবি
শব্দ ধূসৰিত
ছন্দ মোৰ কম্পিত
তোমাৰ মৰমৰ উম
শৰতত বঞ্চিত
মনতে মোৰ তুমি সঞ্চিত
মনতে মোৰ তুমি সঞ্চিত
মনতে মোৰ তুমি সঞ্চিত



Credits
Writer(s): Bishrut Saikia
Lyrics powered by www.musixmatch.com

Link