Dehajaan

অ' দেহাজান, পদুলিৰ গোলাপফুল
বতাহত হালে-জালে
তোমাক দেখাৰ পৰা, দিনে নিশাই
সঘনাই মনত পৰে
অ' দেহাজান, আকাশৰ তৰাটি
আনিব নোৱাৰোঁ
বোকাৰে পদুমফুল আনিম
উমি উমি জ্বলে মনৰে বেঠাবোৰ
তুমি বাৰু বুজানে?

নদীৰে পাৰত বহি, তোমাৰে কথা ভাবো
তোমাৰে মিছিকীয়া হাঁহি
খুন্দা মাৰে মোৰ বুকু

চিঠি লিখোঁ চেনেহী মোৰ তোলে
পঢ়ি চাবা তুমি অকলে নিজানে

হিয়াৰ মৰম যাচি দিছোঁ
আখৰৰ মাজে মাজে
থাকিলেও তুমি দূৰত
আছা মোৰ বুকুৰ মাজত

অ' দেহাজান মন উৰণীয়া
তুমালৈ উৰা মাৰে
গোপন ফাগুন হৈ তোমাতে ৰম
চিৰ মোৰ জীৱনলৈ



Credits
Lyrics powered by www.musixmatch.com

Link