Morom Xuwonxiri

সৰু সৰু কথাত মনতে অভিমান জান ঐ
জাননে কেতিয়া জাগে
দুৰু দুৰু কঁপা বুকুৰে মৰমবোৰ জান ঐ
কাৰোবাক দিলিগৈ চাগে
তোৰ চকুতে দেখিছোঁ ইমান মৰম
এবাৰ মাথোঁ ক' মই কলিজাত থ'ম
মোৰ বুকুতে জিৰাব তোলে সপোন
তোৰ কাৰণেই পগলা ময়ো অ সোণ
তোৰ ভাৱনাটো দোলা দিমে গৈ
মৰম সোৱণশিৰি হৈ মৰম সোৱণশিৰি হৈ

অ' মোৰ আছুতীয়া ভাৱনাৰে বোকোচাত
তোকেই ভাবি যামে বহু দূৰ
অ' মোৰ উদং বুকুত সজা এটি চ'ৰাঘৰ
তাতেই ৰচো তোলে সাপোন বোৰ
অ' মোৰ বুকুতে ফুলা বকুল পাহি তই
তোৰ সুবাসতে যেন পগলাটো মই
অ' মোৰ বুকুতে ফুলা বকুল পাহি তই
তোৰ সুবাসতে যেন পগলাটো মই
মোৰ ভাৱনাটো দোলা দিয় গৈ
মৰম সোৱণশিৰি হৈ মৰম সোৱণশিৰি হৈ

গু-গুপুতে নুৰিয়াই লওঁ জাননে তোলৈকে
মৰম আছে বুকুতে যিমান
পাৰ যদি জুখি চাই ল'বি হি সোণ মইনা ঐ
নিজৰেই চোন নাই অনুমান
গু-গুপুতে নুৰিয়াই লওঁ জাননে তোলৈকে
মৰম আছে বুকুতে যিমান
পাৰ যদি জুখি চাই ল'বি হি সোণ মইনা ঐ
নিজৰেই চোন নাই অনুমান
অ' মোৰ বুকুতে ফুলা বকুল পাহি তই
তোৰ সুবাসতে যেন পগলাটো মই
অ' মোৰ বুকুতে ফুলা বকুল পাহি তই
তোৰ সুবাসতে যেন পগলাটো মই
মোৰ ভাৱনতো দোলা দিয় তই
মৰম সোৱণশিৰি হৈ
মৰম সোৱণশিৰি হৈ



Credits
Writer(s): Shyamal Bhuyan
Lyrics powered by www.musixmatch.com

Link