Paharore Pahari

পাহারের চাই গাছের মাজে-মাজে
গোরি তোরে গীতের সংগে পায়েল বাজেলা
তোকে দেখি মনে মোরে ঝুমুর নাছেলা।
পাহাৰৰে পাহাৰী ধুনীয়া ছোৱালী
আকাশী চিতপখিলী
ভৈয়ামৰে ডেকা মই গোলাপ হৈ উপচিম
তোমাৰেই মনফুলনিত
হাতে বাউলী মাতিছো সচাঁকৈ
নুমলী খোজেৰে আহিবা কাষলৈ
লাজে-লাজে দুহাত বঢ়াবা আগলৈ
জেতুকাৰে বোল সানি দিম লাহেকৈ
খামুচিয়া কঁকালৰে ভাজত
পানীৰে কলচি
সমনীয়া লগৰীৰ সতে
আহে তাই ঘাটলৈ বুলি
ইফালে ৰূপালী
আনফালে জোনালী
মাজতে তাইৰ খুহুঁতীয়া চুপতি
মুকলিমূৰীয়া
হাঁহিটি ধুনীয়া
যেন সন্ধিয়াৰ সেই ৰঙা বেলি
পাহাৰৰে পাহাৰী ধুনীয়া ছোৱালী
আকাশী চিতপখিলী
ধেনুভিৰীয়া তোমাৰ চকুৰে পাহি
নেঘেৰী খোঁপা সাজি তুমি মেঘালীজনী
সমুখেৰে পাৰ হ'লে কিয় ক'ব নোৱাৰো তাইক
ভাল পাওঁ সবাতোকৈ তোমাকে বেছি বুলি
এতোঁলা-দোতোঁলা কৈ বাঢ়িছে প্ৰেমৰে বোজা
পাতলাবানে অকণমান সাৰথি হৈ ও কলিজা
এতোঁলা-দোতোঁলা কৈ বাঢ়িছে প্ৰেমৰে বোজা
পাতলাবানে অকণমান সাৰথি হৈ ও কলিজা
মন-প্ৰাণ পৰি ৰ'ব শাত একেবাৰে
তুমি আহি ৰ'লে কাষত মোৰ প্ৰতিবাৰে
পাহাৰৰে পাহাৰী ধুনীয়া ছোৱালী
আকাশী চিতপখিলী
ভৈয়ামৰে ডেকা মই গোলাপ হৈ উপচিম
তোমাৰেই মনফুলনিত
হরা হরা চাইকে কাঁচা কাঁচা পাত
তোলে সজনী ঘরে যায় ঠুমক-ঠুমক
অ'রে হরা হরা চাইকে কাঁচা কাঁচা পাত
তোলে সজনী ঘরে যায় ঠুমক-ঠুমক
হাতে তোরে লাল চুরি মুখে চমকিলি হাঁসি
দিবানা করে গেলো মোক ও সুন্দরী
প্রেমের জালে ফাচাইলি মোক
প্রেমের জালে ফাচাইলি মোক।



Credits
Lyrics powered by www.musixmatch.com

Link