Kinu Dim/Upoja Din

কিনো দিম?
ওপজা দিন
সুৰ এটাকে দিলোঁ।

যেন মাৰ হাতৰ গোলাব জামুন
তেনেকৈয়েই মৰম জোলত জুবুৰিয়াই
সুৰ এটাকে দিলোঁ।
তুমিতো কবি
গুঁঠি দিবা দেই
শব্দ এটি দুটি
আৰু তুলি দিবা ধৰাৰ হাতত
সকলোলৈ বুলি।

মইতো আছোঁ তোমাৰ হৈ
তুমি মোৰ বুলি ক'বলৈ
এই পৃথিৱীত আছে বহু যাৰ
কোনোৱেইতো নাই
কত শিশুৱেতো প ৰশৰ উম
চিনিয়েই নাপায়।

অকলশৰীয়া ৰাতিবোৰ যদি গোট মাৰিবলে লয়
অকমান উম পৃথিৱীলে যেন
তোমাৰ গানত ৰ য়।
তুমিতো কবি, গুঁঠি দিবা দেই
শব্দ এটি দুটি
এই পৃথিৱীত যাৰ নাই কোনো
তেঁওলোকলৈ বুলি।



Credits
Lyrics powered by www.musixmatch.com

Link