Aranya

গছৰ পাততে আজি বৰষাৰে টোপাল
সুশোভিত ৰঙেৰে ধৰণী মোৰ জীপাল

গছৰ পাততে আজি বৰষাৰে টোপাল
সুশোভিত ৰঙেৰে ধৰণী মোৰ জীপাল
কাঁচিয়লি ৰ'দত প্ৰশান্তিৰ সুৰ
কুসুমৰ সুগন্ধিত মন বিভোৰ
সময়ৰ সোঁতে পাৰত নাও চপালে
শুৱলা গীতে প্ৰণয়ৰ ফাঁকু খেলি ৰং তোলে
নিয়ঁৰৰ ফুল দুবৰিৰ বুকুতে
প্ৰথম প্ৰভাতে মধুময় স্পন্দন জগায় তোলে
গছৰ পাততে আজি বৰষাৰে টোপাল
সুশোভিত ৰঙেৰে ধৰণী মোৰ জীপাল

নীৰৱ-নিতাল
আকাশতে
মনোমুগ্ধ পক্ষীৰ কলতানে

নীৰৱ-নিতাল
আকাশতে
মনোমুগ্ধ পক্ষীৰ কলতানে
প্ৰকৃতিয়ে
জীৱনলে
জ্যোতিৰ কিৰণ চটীয়ালে
হেজাৰ ভোমোৰাৰ গুণ্-গুণনিত
নানা ফুলৰ অমিয়া হাঁহি
ক্লান্ত সুগভীৰ নিদ্ৰা ভাঙি
শূন্যত বিয়পিল অভিৰূপ তৰালি
পাহাৰী নিজৰাৰ জিৰিজিৰি
শব্দেৰে গুঞ্জন অৰণ্যজুৰি
মেঘালীৰ আৰত ৰামধেনুখনি
সাতো ৰঙেৰে যেন অভিমানী
সোণ হৰিণীৰ সিক্ত নয়নাই
ৰিক্ত বনানীৰ শিতান বিছাৰি
অনুনয় জোকাৰে
বিনোদন বিছাৰে
গছৰ পাততে আজি বৰষাৰে টোপাল
সুশোভিত ৰঙেৰে ধৰণী মোৰ জীপাল



Credits
Writer(s): Samiran Kashyap, Surajit Kalita
Lyrics powered by www.musixmatch.com

Link