Chuchuk Chamak Koi

অ' ককাইটি

কি হ'ল
কি হ'ল অ'

চুচুক চামাককৈ দীপালীজনীয়ে কিয়
মোৰ পিনে ৰ' লাগি চায়?

ভাইটি তই বুজিকে পোৱাহে নাই
ভাইটি তাই বোধহয় তোকেই ভাল পায়!

সৌ কৰবীজনীয়ে কিয়, মৰমী চাৱনীৰে
খিৰিকীমুখত থিয় হয়?

ভাইটি এয়া প্ৰথম প্ৰেমৰ পৰিচয়;
ভাইটি এয়া মৰম বোটলাৰ সময়।

পিছে দীপালী কৰবীকে
দীপক বৰুৱাৰ স'তে
মিলা দেখি কিবা ভব হয়

(অ') তেনে ভীষণ কথা হ'ল ভাই
(তেনে) মোৰ উপদেশ দিবলৈ নাই।
তহঁতৰ বয়স ৰঙীণ সৰস

বুজিও নুবুজ একো;
যেনিয়ে চকু যায় তেনিয়ে থমকি ৰয়
নেচাবৰ মন নাই কাকো।

আৰু লিপিকা দেৱীয়ে কিয়
নীলা নীলা চিঠিৰে
বহু বহু মিঠা কথা কয়!

ভাইটি তোৰ সমান আৰু অঁকৰা নাই
শুনিছোঁ বহুতলে চিঠি লিখে তাই।

আৰু সৌজনী ৰঞ্জনা হংস খোজেৰে দেখোঁ
মোৰ পিনে আহে আগুৱাই।
ভাইটি তই সাৱধান হোৱা কিয় নাই?
বহুতে কয়, বহুতকে ভাল পায় তাই।

সাৱধান কৰি দিছোঁ কিন্তু

সৌৱা মিচিক্ মিচাককৈ
হাঁহি হাঁহি চম্পাই
মিঠাকৈ কিয় গীত গায়?

কাইটি তয়ো দেখো বুজি পোৱা নাই

বুজিছোঁ গাইছে তোকেই শুনাই

কাইটি তয়ো গীতৰ ভাষা বুজা নাই
বুজিছোঁ গীতৰ বাহিৰে একো নাই।।



Credits
Writer(s): Bhupen Hazarika
Lyrics powered by www.musixmatch.com

Link