Moi Aru Mor Chhna

কোনে কয় মই অকলশৰীয়া
মই আৰু মোৰ ছাঁ
দুয়ো দুয়োৰে লগৰীয়া
পৃথিৱী নক'বা মই অকলশৰীয়া

সংগীহীনতা
মোৰেই সংগী
বুলি কিয় তুমি উপহাস কৰিছা?
মই আৰু মোৰ ছাঁ
দুয়ো দুয়োৰে লগৰীয়া
মই আৰু মোৰ ছাঁ।।

দূৰণিৰ বন্ধু সকলো মিছা
নিচেই কাষৰে ছাঁহে সঁচা,
মই আৰু মোৰ ছাঁ -- ।
দুয়ো দুয়োৰে লগৰীয়া
মই আৰু মোৰ ছাঁ -- ।

আশাৰ বালিচৰত
যেতিয়া ঘৰ সাজোঁ
মোৰেই ছাঁই বালি তুলি দিয়ে ।
এন্ধাৰ বাটতে মোৰেই ছাঁই
মেলি দিয়ে নিতে জ্যোতিৰ দলিচা

মই আৰু মোৰ ছাঁ
দুয়ো দুয়োৰে লগৰীয়া
পৃথিৱী নক'বা মই অকলশৰীয়া
মই আৰু মোৰ ছাঁ ।।



Credits
Writer(s): Bhupen Hazarika
Lyrics powered by www.musixmatch.com

Link