Shilongar Monalichha Lingdo

শ্বিলঙৰে মনালিছা লিংডো
তোমাৰ হাতৰ গীতাৰখনিত
হিলিবিলি মিউজিক বজাই যোৱাঁ ।।

মনালিছা মনালিছা মানালিছা,
তোমাক স্ৰজিলে কোন লিওনাৰ্ডোই
কেনেকৈ হ'লাঁ তুমি ইমান ধুনীয়া?

মনত আছেনে
দুয়ো গৰখীয়া
শ্বৰাতিৰ সুৰে সুৰে
কিন কিন বৰষুণে বৰষুণে ভিজা
শ্বিলং পিকত সেই দেওবাৰে পুৱা।

মনালিছা তুমি আজি লাবানৰ ক'ৰবাত
(আৰু) ৰাজধানী সলনিৰ পিছত আহি
হ'লোঁ এতিয়া দিছপুৰীয়া।

ক্ৰিচেন্থিমাম যিমানে ৰঙা
(মোৰ) তোমাৰ সোঁৱৰণিও সিমানে ৰঙা
মনালিছা
নংপোলৈ
এবাৰ আহাঁনা;

ময়ো যাম ছুটি পালে নংপোলৈ
মন দিম মন নিম
গীটাৰৰ সুৰে সুৰে
অদূৰ-মধুৰ কোনোবা ৰাতিপুৱা।।



Credits
Writer(s): Bhupen Hazarika, Jayant Hazarika
Lyrics powered by www.musixmatch.com

Link