Anor Karane

আনক আনন্দ দিওতে
বহু শিল্পীয়ে নিজক
তিল তিলকৈ মাৰে
তাৰ উল্লেখ জানো মোৰ গীতত নেথাকিব

আনৰ কাৰণে
জীৱন-শলিতা
কিমান জ্বলাবা আৰু
আৰু কিমান বাকী আছে?

আনৰ কাৰণে
কলিজাৰ তেজ
কিমান ঢালিবা আৰু
আৰু কিমান বাকী আছে?

নিজৰ কাৰণে ভাবিবলৈ আহৰি
নাই নাই নাই তোমাৰ
সোঁৱৰালোঁ শতবাৰ।

প্ৰতি ঊষা শোণিতেৰে
কত পট আঁকা
সেই পটে তোমাকেই নিঃশেষ কৰি নাচে।
আনৰ কাৰণে কলিজাৰ ৰং
কিমান ঢালিবা আৰু
আৰু কিমান বাকী আছে?



Credits
Writer(s): Bhupen Hazarika
Lyrics powered by www.musixmatch.com

Link