Teo Melani Magile

মিলন মূহুৰ্ত বিয়াৰ ৰভাতলীৰ সৌন্দৰ্য্য
কিন্তু এনে এটি উৎসৱৰো বিয়লি আহে
তাত ফুলতী মালতীৰ পাহি মোলান পৰা দেখি
পাৰ্বতী প্ৰসাদৰ বুকুত বিষাদৰ সুৰ বাজি উঠে

তেওঁ মেলানী মাগিলে আজি মিলন মেলাৰ
দুদিনীয়া উৎসৱৰ বিয়লি বেলাত
মেলানী মাগিলে আজি মিলন মেলাৰ
দুদিনীয়া উৎসৱৰ বিয়লি বেলাত
মেলানী মাগিলে আজি মিলন মেলাৰ

ফুলতী মালতীৰ পাহি মোলান পৰিলে
অপৰাজিতাৰ মলা জয় পৰি গ'ল
পদুমৰ পৰিমল পৱনে হৰিলে
শুকাই মৰহি মাথো পাহি পৰি ৰল
মেলানী মাগিলে আজি মিলন মেলাৰ

উৰুঙা ৰভাৰ কোন নিৰৱে তুলসী
সমীৰত সুধি গ'ল গোলাপৰ পাছ
দুজনৰ বাহুবান্ধ পৰিলে সুলকি
চুমা পৰশৰ মাথো কৈ কৈ শ্বাস
মেলানী মাগিলে আজি মিলন মেলাৰ
দুদিনীয়া উৎসৱৰ বিয়লি বেলাত
তেওঁ মেলানী মাগিলে আজি মিলন মেলাৰ



Credits
Writer(s): Parbati Prasad Barua
Lyrics powered by www.musixmatch.com

Link