Jonak Jonak Sital Jonak

কটন কলেজত পঢ়ি থকা সময়ত
অতি মৰমৰ বাইদেৱেক কমলা বৰুৱাক
বিয়া দি উলিয়াই দিয়াৰ কিছুদিনৰ পাছতেই
মৃত্যু হোৱাত পাৰ্বতী প্ৰসাদে
জীৱনৰ প্ৰথম বজ্ৰাঘাত পাই লিখিছিল
জোনাকৰ চকু পানীৰ সাধু কথা

জোনাক জোনাক শীতল জোনাক
চাই মোৰ চকুলো সৰে
অন্তৰ মোৰ উগুল থুগুল
উদাস আকুল কৰে

মনত পৰেহি কোনোবা পুৰণি
জোনাকী বিৰহ বেথা
মাধৈ-মালতী লতাৰ আঁৰৰ
গোপন মিলন কথা

মনৰ মাজত সুখ সোঁৱৰণী
অতীত মধুৰ জাগে

বাহিৰত সূদা ৰূপালী জোনাক
উৰুঙা উৰুঙা লাগে

জোনাক জোনাক শীতল জোনাক
চাই মোৰ চকুলো সৰে
অন্তৰ মোৰ উগুল থুগুল
উদাস আকুল কৰে
জোনাক জোনাক শীতল জোনাক
চাই মোৰ চকুলো সৰে



Credits
Writer(s): Parbati Prasad Barua
Lyrics powered by www.musixmatch.com

Link