Unmona Mone Mathu

উন্মনা মনে মাথো বিচাৰে ফুৰে
দিশে দিশে আজি তোমাকে
ধুমুহাৰ মাজতো
অ' মন ভগা ৰাতিবোৰ সাৱটি থাকি
কতদিন তুমি থাকিবা
দুখৰে জুই জালি
গোপনে নিৰৱে অকলে
এতিয়া এন্ধাৰ নিশায়ে
আগচে মোৰ জীৱনক
এতিয়া মনত নিশা
আওসীৰ ভৰা প্লাৱন
নোৱাৰো আঁকিব সপোনৰ ছবি
নোৱাৰে আঁকিব গানৰ ছবি
এতিয়া মাথো তুমিয়েই জীৱন
অ' উন্মনা মনে মাথো বিচাৰে ফুৰে
দিশে দিশে আজি তোমাকে
ধুমুহাৰ মাজতো
অ' মন ভগা ৰাতিবোৰ সাৱটি থাকি
কতদিন তুমি থাকিবা
দুখৰে জুই জালি
গোপনে নিৰৱে অকলে
সময়ে দুবাহু মেলি
দিয়েহি গোপনে বেথা
জীৱনে শুনালে বহু
পোৱা নোপোৱাৰ কথা
ভাগৰুৱা কলিজা
ভাগৰুৱা দেহা
ভাগৰুৱা মন মোৰ
ভাগৰুৱা আশা
এতিয়া মাথো তুমিয়েই জীৱন
অ' উন্মনা মনে মাথো বিচাৰে ফুৰে
দিশে দিশে আজি তোমাকে
ধুমুহাৰ মাজতো
অ' মন ভগা ৰাতিবোৰ সাৱটি থাকি
কতদিন তুমি থাকিবা
দুখৰে জুই জালি
গোপনে নিৰৱে অকলে
গোপনে
নিৰৱে
অকলে
গোপনে
নিৰৱে
অকলে



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link