Swargodew Sukafa

১২শ আঠাইশ চনত আহিছিল অই
অসমৰ বৰ ভেটি বান্ধিছিল অই
খামটি বৰাহী মৰাণ কছাৰীকে লৈ
হাতোৰা যে কৰিছিলে মৰমেৰে অই
স্বৰ্গদেউ চুকাফাই আঁকিছিলে অই
বৰ অসমৰ ছবি যতনেৰে অই
টুকুৰা টুকুৰ অাজি সেই ছবি অই
বৰ অসম খনি ৰল সাতে ভনী হই
১২শ আঠাইশ চনত আহিছিল অই
অসমৰ বৰ ভেটি বান্ধিছিল অই
বৰগীত ভটিমা পাতনি মেলিছিল
শংকৰে মাধৱে জাতিটো গঢ়িবলৈ
কীৰ্ত্তন দশম নামঘোষা অংকীয়া ভাওনা
জাতি তোক ভাষা তোক জিনিবলে জগতকে
আজিচোন সকলো আতৰিহে গল
মই কোঁচ কাৰ্বি মই বড়ো হল
কিনো ভূল কতে ৰল
ভাবিবৰে হল
অসমীয়া হবলে কোনোৱে নৰল
স্বৰ্গদেউ চুকাফাৰে সপোন ভাগি গল
বৰ অসম খনি অাজি সাতো ভনী হল
বিষ্ণু জ্যোতিয়েও কলে
লুইতৰে পানীয়ে ৰাখিব আমাকে
এক কৰি যুগে যুগে
পাহাৰ আৰু ভৈয়ামে ভূপেন মামাই
গীত জুৰে
জাতিটোক একতাৰ ডোলেৰে বান্ধিবলে
আজিচোন সকলো আঁতৰিহে গল
দিচাঙৰ ডেকাটি মিচিং হৈয়ে গল
জাতি এটা বোলোতেই বহো জাতি হল
ভাষা এটা বোলোতেই অসম ভাগি গল
কঁকালতে টঙালি খন বান্ধিবৰে হল
আকৌ এবাৰ অসমীয়া জাগিবৰে হল
কঁকালতে টঙালি খন বান্ধিবৰে হল
আকৌ এবাৰ অসমীয়া জাগিবৰে হল।



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link