Osinaki Abeg

পলকতে ভাঙিল দুখন হিয়া।
অসহায় এতিয়া
অচিনাকি আবেগে আহি।
অকলশৰে আজিৰ নিশাৰ পদূলি
হৰে শেৱালী।
আঁকে ধেমালিৰ ছবি ।

আছুতীয়াকৈ বান্ধি ৰখা
স্মৃতি বোৰক লৈ।
যাও আগুৱাই
অতীতকে থৈ সেইবাটেৰে
নিজেই নিজৰ সাৰথি।

পাখি মেলা মন
আছে আৰু মাথোঁ দুটি ক্ষণ
জীৱনৰে উৰি যাবলৈ
ল'ৰালিৰে সেই সপোন খেদি খেদি ।

আবেলিৰ বাৰিষাৰ বেদনা
হেৰুৱালে তোমাৰ ঠিকনা,
ভাগৰুৱা পৃথিৱী
অজানিতে সেই বৰষুণে
প্ৰেৰণাৰ ৰং সানি দিলে
জীপাল সুৰৰ ৰাগিনী ।

এন্ধাৰকো হাতে হাতে ধৰি ললো।
অমানিশাৰ আকাশকো সাৱটিলো।



Credits
Writer(s): The Butterfly Effect
Lyrics powered by www.musixmatch.com

Link