Notun Probhat

নীলা আকাশ শুকূলা ডাৱৰ অচিনাকি বাটেৰে
যাযাবৰী মাদকতা তুমি দিয়া সুৰেৰে.

বতাহে মোক নিলে উৰুৱাই
আছে তোমাৰ স্মৃতি তুমি নাই
তুমি লিখি যোৱা কবিতাৰ
প্ৰতি কথা মনে সোঁৱৰাই .

অজান মুখা অচিনাকি এই চহৰ
অচিনাকি ভিৰ অচিনাকি এই লহৰ
বিৰতি মোৰ অমানিশাৰ আগমন
স্থিৰতা আহিল যাযাবৰী এই মনৰ

প্ৰভাতৰ ৰেঙনী সমুখেৰে আহি
জগালে সমীৰক উৰে প্ৰজাপতি
নিয়ৰৰ টোপালত সেমেকা দুবৰি,
দূৰণিৰ পথাৰত সোনোৱালী চাদৰ
এটি সুৰ ৰিঙিয়াই পুৱাৰে ৰিয়াজৰ।
যাবলৈ ওলালো পুনৰাই এই বাটত।

হেঙুলীয়া ৰঙে আমাক মাতিছে
দূৰণিৰ দ্ৰাঘিমাৰ আঁৰে আঁৰে

নীলা আকাশ শুকূলা ডাৱৰ অচিনাকি বাটেৰে
যাযাবৰী মাদকতা তুমি দিয়া সুৰেৰে।

বতাহে মোক নিলে উৰুৱাই
আছে তোমাৰ স্মৃতি তুমি নাই
তুমি লিখি যোৱা কবিতাৰ
প্ৰতি কথা মনে সোঁৱৰাই



Credits
Writer(s): The Butterfly Effect
Lyrics powered by www.musixmatch.com

Link