Chira Bidrohi

সুউচ্চ পাহাৰৰ
সুউচ্চ পাহাৰৰ
শৃঙ্গলে উঠা মই
এক প্ৰেমিক অশ্বাৰোহী
দূৰন্ত অশ্বৰ পদধ্বনিত
উন্মাদ হোৱা এক চিৰবিদ্ৰোহী

টিক্ টিক্ টিক্ টিক্
সপোনৰ ছন্দত
ঠিক ঠিক্ ঠিক ঠিক
সময়তে ছন্দত

ধপ্ ধপ্ ছন্দত বাজে কলিজাৰ
ধপ্ ধপ্ শব্দত বাজে কলিজাৰ
প্ৰেমৰ ছন্দ মোৰ প্ৰতি ধমনীতে
দুৰ্বাৰ ছন্দ আছে কামনাৰ

সৌ... ৱা...
পাহাৰ শৃঙ্গত
আছে হেনো এক
নেদেখা. মোহময়ী কামিনী...
অপৰূপা... যৌৱনা...
সুনবীনা তাই...
নতুন ছন্দত, অধিকাৰিণী.!

ছন্দৰ ৰাণী তাই ইমান কাষতে
অথচ তাই হেনো ইমান দূৰৰ
মাজতে হেঙাৰ হৈ অট্টহাস কৰে
ছন্দহীনতাৰ গভীৰ গৰ্ভত!

তথাপি হাত মেলি! মেলি!
তাই মাতে...
দেহৰ ছন্দত যেন.
সাগৰ... লহৰ
সাগৰৰে লহৰ...

তাই হেনো কৰিছে
ছন্দৰ ধুমুহাত
ধাৱমান পুৰুষৰ সন্ধান
ধাৱমান পুৰুষৰ সন্ধান!
যি বিশ্বৰ ছন্দে ছন্দে নাচি
বিলাই ছন্দ মহা প্ৰাণ

মহাকাশভৰা নক্ষত্ৰ গতিত
অনন্ত ছন্দৰ বাজে নাগাৰা
(এ) মহাকাশভৰা নক্ষত্ৰ গতিত
অনন্ত ছন্দৰ বাজে নাগাৰা
অ' মন অশ্বৰে সেইয়া ঘটাঘট্ শব্দৰ
ছন্দেৰে কৰো ছন্দৰে আখৰা

ছন্দৰ আখৰা কৰো!!



Credits
Writer(s): Jyotiprosad Agarwal
Lyrics powered by www.musixmatch.com

Link