Onuronon

শাওণৰ মেঘমুক্ত নীলাকাশ
সূৰ্য্যস্নাত ক্লেদময় লুইতৰ পাৰ
প্ৰাণময়, মোহময় জীৱন মালিকা
বিষাদ বুকুতে সাৱটি নীৰৱে বোৱা

ক্লান্ত সন্ধিয়াৰ হেঙুলি ৰহণ
জাগে মনতে হেপাঁহৰ মধু ভৰা অনুৰণন
অনুৰণন
মধু ভৰা অনুৰণন

মৰহা পাপৰিত ফুলে কামিনী
শব্দৰ শিখাত জিলিকিছে মেঘৰঞ্জনী

ক্লান্ত সন্ধিয়াৰ হেঙুলি ৰহণ
জাগে মনতে হেপাঁহৰ মধু ভৰা অনুৰণন
অনুৰণন
মধু ভৰা অনুৰণন



Credits
Writer(s): Angaraj Das, Rizwan Shakir
Lyrics powered by www.musixmatch.com

Link