Tumak Dekha Pau

সপ্ত সুৰ সাগৰত
গীত মাত লহৰত
সপ্ত সুৰ সাগৰত
গীত মাত লহৰত
বাৰে বাৰে বুৰ মাৰি চাওঁ

জানোবা তুমাক দেখা পাওঁ
জানোছা তোমাৰ উমান পাওঁ

নৃত্য়ৰতা সুন্দৰীৰ
লয়লাস ভঙ্গিমা
নৃত্য়ৰতা সুন্দৰীৰ
লয়লাস ভঙ্গিমা
নয়ন ভৰি ভৰি চাওঁ

জানোবা তুমাক দেখা পাওঁ
জানোছা তোমাৰ উমান পাওঁ

মলয়াৰ ডোলনিত
শেৱালিৰ সুৰভিত
মলয়াৰ ডোলনিত
শেৱালিৰ সুৰভিত
সংগোপনে মিলি যাওঁ

সমীৰৰ বুকুচাত
ভাহি ফুৰা সৌৰভত
সমীৰৰ বুকুচাত
ভাহি ফুৰা সৌৰভত
নিজকে বিলীন কৰি চাওঁ

জানোবা তুমাক দেখা পাওঁ
জানোছা তোমাৰ উমান পাওঁ
জানোবা তুমাক দেখা পাওঁ
জানোছা তোমাৰ উমান পাওঁ

দিঠকৰ পোহৰত
সপোন জোনাকত
কুৰুকি কুৰুকি চাওঁ

তথাপিও জীৱনৰ
সেউজীয়া পথাৰত
তুমাক কিয় যে নাপাওঁ

জানোবা তুমাক দেখা পাওঁ
জানোছা তোমাৰ উমান পাওঁ
জানোবা তুমাক দেখা পাওঁ
জানোছা তোমাৰ উমান পাওঁ



Credits
Writer(s): Late Dr. Dilip Kr. Baruah, Rizwan Shakir
Lyrics powered by www.musixmatch.com

Link