Aadhorua Prem

তুমি প্রহেলিকা
আছুতীয়া দুচকুৰে মোহ কৰিলা
পলতে পৃথকা
ক্ষণতে আশাৰ বাগিচা উকা

উভটি আহানা
অচিনাকি মুখৰ আৱৰণ সলোৱা
তুমি জানো জানা
প্ৰতিটো উশাহতে যে নাম তোমাৰ

আধৰুৱা প্ৰেমে সনা যাতনা
জোৰাবানে লাহৰি সুৰৰ মালিকা
আচহুৱা তোমাক পোৱাৰ কামনা
আচতেকে প্ৰণয় পৰিপূৰ্ণ কৰি তোলানা

পৰাণৰ খোজে খোজে
সময়ৰ সুতনি
বাৰে বাৰে কৰে তোমাৰ
ছবিখনে আমনি

নিৰৱ জোনাকৰ নিশা
হিয়া মন জাগৰী
শুনিছানে তুমি মোৰ
বুকুৰে উচুপনি

উভটি আহানা
দূৰতা হৃদয়ৰে আঁতৰোৱা
তুমি জানো জানা
প্ৰতিটো নিশাহতেও যে নাম তোমাৰ

আধৰুৱা প্ৰেমে সনা যাতনা
জোৰাবানে লাহৰি সুৰৰ মালিকা
আচহুৱা তোমাক পোৱাৰ কামনা
আচতেকে প্ৰণয় পৰিপূৰ্ণ কৰি তোলানা



Credits
Writer(s): Rizwan Shakir
Lyrics powered by www.musixmatch.com

Link